অ’ পেডেল

মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি

অ’ ভণ্টি চাইকেল চলাই যাম

পদূলি

এৰি এৰি এৰি এৰি এৰি এৰি

অ’ ভণ্টি তোমাৰে ঘৰ পাম ।

 

পদূলি মুৰতে গৈ

তোমালৈয়ে বাটে চাম

ঘৰলৈ মাতিলে মোক

ভিতৰলৈ সোমাই যাম

পদূলি

এৰি এৰি এৰি এৰি এৰি এৰি

অ’ ভণ্টি তোমাৰে ঘৰ পাম ।

 

দুচকু

পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক

অ’ ভণ্টি তোমালৈয়ে চাম

কলিজা

ধিপিচ্ ধিপিচ্ ধিপিচ্ ধিপিচ্ ধিপিচ্ ধিপিচ্

যেতিয়া তোমাক কাষত পাম ।

 

গোলাপী দুগালতে

মৰমৰে চুমা খাম

কলিজাত লিখা আছে

এটি মাথোঁ তোমাৰ নাম

কলিজা

ধিপিচ্ ধিপিচ্ ধিপিচ্ ধিপিচ্ ধিপিচ্ ধিপিচ্

যেতিয়া তোমাক কাষত পাম ।

 

জ্বলিছে

উমি উমি উমি উমি উমি উমি

বুকুতে পীৰিতিৰে জুই

তোমাকে

চুমি চুমি চুমি চুমি চুমি চুমি

থাকিম যেন কাষৰতে শুই ।

 

মৰমৰ কঠিয়াৰে

মনৰ পথাৰ দিবা ৰুই

হাঁহি আৰু ধেমালিৰে

চকুলোবোৰ নিবা ধুই

তোমাকে

চুমি চুমি চুমি চুমি চুমি চুমি

থাকিম যেন কাষৰতে শুই ।।